ডিজিটেল ডেক্স, খবৰ ব্ৰহ্মপুত্ৰ:
উত্তৰ ছিকিমত হোৱা প্ৰচণ্ড ডাৱৰ বিস্ফোৰণত সন্ধানহীন হৈছে অসমৰ এগৰাকী সেনা জোৱান। বাক্সা জিলাৰ শালবাৰীৰ আনন্দ বজাৰ আৰক্ষী চকীৰ অন্তৰ্গত হাটখোলা গাঁৱৰ মিটু কলিতা নামৰ সেনা জোৱান গৰাকীৰ এই পৰ্যন্ত সন্ধান উলিয়াব পৰা নাই৷ উল্লেখযোগ্য যে আলিপুৰদুৱাৰত কৰ্মৰত সেনা জোৱান গৰাকীয়ে বিভাগীয় নিৰ্দেশ মৰ্মে কিছুদিন পূৰ্বে ছিকিমলৈ গৈছিল যদিও যোৱা পৰহি নিশা উভতি অহাৰ পথত সংঘটিত প্ৰচণ্ড ডাৱৰ বিস্ফোৰণৰ মাজত সন্ধানহীন হৈ পৰে৷ পৰিয়ালসূত্ৰে যুৱকগৰাকীয়ে ছিকিমলৈ গৈ থকা অৱস্থাত তেওঁৰ কনিষ্ঠ ভাতৃৰ লগত ফোনত যোগাযোগ চলিছিল বুলিও জানিব পৰা গৈছে। সন্ধানহীন সেনা জোৱান গৰাকীৰে এতিয়া যোগাযোগ বিছিন্ন হৈ পৰাত পৰিয়ালৰ লোকৰ মাজত উদ্বিগ্নতা বৃদ্ধি পাইছে। সেনা বাহিনীৰ দলটিৰ ২৩ গৰাকী জোৱানৰ আটাইকেইগৰাকীয়ে সন্ধানহীন হৈ আছে বুলি জানিব পৰা গৈছে।উল্লেখ্য যে মিটু কলিতাই ভাৰতীয় সেনাৰ EME(টেকনিকেল) বিভাগত কৰ্মৰত আছিল৷ ইফালে বিভাগীয় কৰ্তৃপক্ষৰ ফালৰপৰা ছিকিমত উদ্ধাৰ অভিযান অব্যাহত আছে বুলি মিটু কলিতাৰ ভাতৃক কৰ্তৃপক্ষই অৱগত কৰিছে বুলিও জানিবলৈ দিছে কনিষ্ঠ ভাতৃ গৰাকীয়ে৷