বিদ্যালয় কেৱল পাঠ্যপুথিৰ জ্ঞান দিয়া অনুষ্ঠান নহয় ৷ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক দেশপ্ৰেম জগাই তুলিব পৰাকৈ সাজু কৰিব লাগিব ৷ ধেমাজি জিলা দিৱসত শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ মন্তৱ্য|এটা মহকুমা পৰবৰ্তী সময়ত জিলালৈ উন্নীত হোৱা ধেমাজি জিলাই পূৰ্ণ কৰিলে ৩৫ সংখ্যক প্ৰতিষ্ঠা দিৱস ৷ ১৯৮৯ চনৰ ১ অক্টোবৰত জিলা হিচাবে ঘোষনা কৰা হ’ল ধেমাজি ক ৷
এই জিলা দিৱসৰ লগত সংগতি ৰাখি জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত কৰা হ’ল সপ্তাহযোৰা কাৰ্যসুচীৰ ৷ ১ অক্টোবৰত পুৱা
বেটি বচাও বেটি পঢ়াও শীৰ্ষক
মহিলা ৰ চাইকেল সমদলৰ পিছতে সদৰত বাহিৰ কৰা হয় বৰ্ণময় সাংস্কৃতিক শোভাযাত্ৰাৰ ৷ য’ত উদ্ভাসিত হ’ল জিলাখনৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক উপাদান ৷ প্ৰায় তিনি সহস্ৰাধিকে লোকে অংশ গ্ৰহণ কৰা এই শোভাযাত্ৰা ৰ পিছতে ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত পয়ত্ৰিশ খনকৈ পতাকা উত্তোলন কৰা হয় ৷ মূল পতাকা উত্তোলন কৰে ধেমাজি সমষ্টিৰ বিধায়ক তথা শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ লগতে জিলা আয়ুক্ত আৰু বিশিষ্ট ব্যক্তি সকলে আন পতাকা উত্তোলন কৰে ৷ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাত বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰা হয় ৷ এই অনুষ্ঠানত জিলা দিৱসৰ লগত সংগতিৰাখি প্ৰস্তুত কৰা স্মৃতি গ্ৰন্থ “ ৰূপান্তৰ“ উন্মোচন কৰে শিক্ষামন্ত্ৰী ডা° ৰনোজ পেগুৱে ৷
সভাত উপস্থিত থাকে সাংসদ প্ৰদান বৰুৱা , মিছিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াকে ধৰি ভালে সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷
ইফালে জিলা দিৱসত উপস্থিত থাকি ধেমাজি সমষ্টিৰ বিধায়ক তথা শিক্ষা মন্ত্ৰী ৰনোজ পেগুৱে নিজৰ ভাষণ প্ৰসংগত কয় যে ধেমাজি জিলাখনক আগুৱাই লৈ যাৱলৈ আমি সকলোৱে আগিবাঢ়ি আহিব লাগিব ৷ ধেমাজি জিলাখনৰ সম্ভাৱনাক সম্পদলৈ পৰিনত কৰাৰ লগতে জিলাখনৰ প্ৰতিভা সমূহক আগুৱাই নিব লাগিব ৷ কলীয়াপানী সদৃশ ধেমাজি এতিয়া পূৰ্বতকৈ বহু সলনি হ’ল ৷ ধেমাজিৰ ৰঙা চাউল এতিয়া এটা ব্ৰেণ্ড হিচাবে পৰিচিত হৈছে ৷
ধেমাজি জিলা প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি “ৰূপান্তৰ” উন্মোচন:অংশগ্ৰহণ মন্ত্ৰী ডা: ৰণোজ পেগুৰ
Khabar Brahma Putra
What does "money" mean to you?
- Pieces of Evil :) 31%, 88 votes88 votes 31%88 votes - 31% of all votes
- It is a universal product for exchange. 25%, 71 vote71 vote 25%71 vote - 25% of all votes
- Money - is paper... Money is not the key to happiness... 20%, 56 votes56 votes 20%56 votes - 20% of all votes
- The authority, the "power", the happiness... 19%, 54 votes54 votes 19%54 votes - 19% of all votes
- Source to achieve the goal. 6%, 16 votes16 votes 6%16 votes - 6% of all votes
Total Votes: 285
August 21, 2021
- September 30, 2023
Voting is closed
নন্দীগিৰী ভূঞা সমাজ কল্যাণ গোটৰ দ্বাৰা বিনামূলীয়া প্ৰশিক্ষণ শিৱিৰ
Khabar Brahma Putra
জুবিন গাৰ্গে লাভ কৰিলে ডক্টৰেট ডিগ্ৰী USTM ৰ পৰা।
Khabar Brahma Putra
ৰীমা দাসৰ ‘Village Rockstars 2
Khabar Brahma Putra
৭৫ বছৰত ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয় : মহাৰজত জয়ন্তীৰ ব্যাপক প্ৰস্তুতি:
Khabar Brahma Putra
নন্দীগিৰী ভূঞা সমাজ কল্যাণ গোটৰ দ্বাৰা বিনামূলীয়া প্ৰশিক্ষণ শিৱিৰ
Khabar Brahma Putra
জুবিন গাৰ্গে লাভ কৰিলে ডক্টৰেট ডিগ্ৰী USTM ৰ পৰা।
Khabar Brahma Putra
ৰীমা দাসৰ ‘Village Rockstars 2
Khabar Brahma Putra
ধেমাজিত উত্তৰ-পূৱ মণ্ডলৰ মুকলি প্রাইজমাণি বেডমিন্টন প্রতিযোগিতা
Khabar Brahma Putra