- ১৯৮৯ চনৰ আজিৰ এই দিনটোতে প্ৰতিষ্ঠা হৈছিল ধেমাজি জিলা ৷ ৩৫ টা বছৰ অতিক্ৰম কৰা জিলাখনৰ প্ৰতিষ্ঠা দিৱসটি উপলক্ষে ধেমাজি জিলা প্ৰশাসনে আয়োজন কৰিছিল সপ্তাহযোৰা বিভিন্ন ধৰণৰ কাৰ্য্যসুচী ৷ ইয়াৰ সমান্তৰালকৈ আজি অন্তিম দিনা ১০ বজাত ধেমাজি জিলা প্ৰশাসনে নগৰখনত এক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰে ৷ জিলা গ্ৰামোন্নয়ন অভিকৰণৰ চৌহদৰ পৰা বাহিৰ কৰা শোভাযাত্ৰাত জিলাখনৰ বিভিন্ন জনগোষ্ঠীয় সাংস্কৃতিক দল সমুহে নিজা নিজা কৃষ্টি প্ৰদৰ্শন কৰি নগৰখনত এক উৎসৱমুখৰ পৰিৱেশ গঢ়ি তোলে ৷ শোভাযাত্ৰাত জিলা আয়ুক্ত অংকুৰ ভৰালী সহ ধেমাজি জিলা প্ৰশাসনৰ বিষয় – বিষয়াৰ লগতে ধেমাজিবাসী ৰাইজে অংশগ্ৰহণ কৰে ৷
https://youtu.be/AQnv-IlfPB4?si=lo0Gx7PCu8nYf4tM