ধেমাজিৰ পৰা অশ্বিনী কুমাৰ দুৱৰাৰ প্ৰতিবেদন,১২ নৱেম্বৰঃ
২০২৪ চনৰ ২৭,২৮ আৰু ২৯ জানুৱাৰীত তিনিদিনীয়াকৈ শিৱসাগৰ জিলাৰ মেচাগড়ত অনুষ্ঠিত হ’ব লগা বৰগোহাঁই বংশাৱলীৰ উপলক্ষে
দেওবাৰে ধেমাজি ছোৱালী মহাবিদ্যালয়ত
সদৌ বৰগোহাঁই বংশাৱলীৰ এখনি প্ৰতিনিধিত্ব মূলক সভা
অনুষ্ঠিত হৈ যায়৷ বৰগোহাঁই
বংশাৱলীৰ স্মৃতি গ্ৰন্হৰ
সভাপতি তথা অৱসৰপ্ৰাপ্ত
শিক্ষক নন্দেশ্বৰ বৰগোহাঁইয়ে সভাপতিত্ব কৰা সভাৰ উদ্দেশ্য ব্যাখ্যা
কৰে বৰগোহাঁই বংশাৱলীৰ মণ্ডল সমন্বয়ক প্ৰফুল্ল বৰগোহাঁইয়ে ৷ লখিমপুৰ
আৰু ধেমাজি জিলাৰ মুঠ
১৩ খন আঞ্চলিক সমিতিৰ প্ৰতিনিধিৰ লগতে সদৌ বৰগোহাঁই
বংশাৱলীৰ সভাপতি মুহি বৰগোহাঁইয়ে উপস্থিত থকা প্ৰতিনিধিত্ব মূলক
সভাত বৰগোহাঁই বংশলতিকা আৰু আৰ্থসামাজিক সমীক্ষাৰ
সম্পৰ্কে আলোচনা কৰা
উপৰিও বংশাৱলীৰ শতবৰ্ষ অনুষ্ঠানত প্ৰকাশ
পাব লগা স্মৃতি গ্ৰন্থ ( খামৰাপ )ৰ বাবে
অহা মাহৰ ১৫ ডিচেম্বৰৰ
আগতেই লিখনি সমূহ
প্ৰেৰনৰ বাবে উদ্যোক্তা
সকলে আহ্বান জনায় ৷
সভাই ইয়াৰ পৰবৰ্তী বৈঠকখন অহা ১৭ ডিচেম্বৰত গোগামুখৰ সোৱণশিৰি
মহাবিদ্যালয়ত অনুষ্ঠিত
কৰাৰো সিদ্ধান্ত গ্ৰহন কৰে ৷