ডিজিটেল ডেক্স, খবৰ ব্ৰহ্মপুত্ৰ:
শিৱসাগৰৰ বৰ্ণিল আকাশ চাংমাইৰ বৃহৎ সফলতা।
চীন দেশত অনুষ্ঠিত হোৱা বেডমিণ্টন এচিয়াৰ ১৫ বছৰ আৰু ১৭ বছৰ অনুৰ্ধ প্ৰতিযোগিতাত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰি ১৫ বছৰ আনুৰ্ধ শাখাত স্বৰ্ণপদক জয় কৰিবলৈ সক্ষম হ’য়।
১৭ অক্টোবৰৰ পৰা চীনৰ চাংডুত অনুষ্ঠিত বেডমিণ্টন এচিয়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বৰ্ণিলে এই বিৰাট সফলতা লাভ কৰে।চূড়ান্ত খেলত বৰ্ণিতে চীনৰ ফেন হং ঝোৱানক ২১-১৯ আৰু ২১-১৩ পোনপটীয়া গেমত পৰাজিত কৰি স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হয়।
উল্লেখযোগ্য যে শিৱসাগৰৰ সংস্কৃতি বেডমিণ্টন একাডেমীত প্ৰশিক্ষক কবিৰ বৰাৰ তত্বাৱধানত প্ৰশিক্ষণ লাভ কৰা বৰ্ণিলে ইতিমধ্যে বহু কেইটা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পদক লাভ কৰি থৈছে।শিৱসাগৰ নগৰৰ কৃষ্ণ নগৰৰ নিৱাসী ভূপেন চাংমাই আৰু জ্যোতি ফুকনৰ সন্তান বৰ্ণিলৰ এই সফলতাত শিৱসাগৰ আনন্দৰ পৰিৱেশৰ সৃষ্টি হৈছে।
Click the youtube link to watch