ডিজিটেল ডেক্স,খবৰ ব্ৰহ্মপুত্ৰ,২৪ অক্টোবৰ :-
ধেমাজি জিলাৰ চিলাপথাৰৰ ডিমৌ শান্তিপুৰ অঞ্চলৰ নিবাসী নিল্যুৎপল ৰাজকোঁৱৰ আজি (২৪ অক্টোবৰ) পুৱা ৬.০০ বজাত ইহলীলা ত্যাগ কৰে। চিলাপথাৰ – ডিমৌ অঞ্চলৰে অতি মেধাবী ব্যক্তি হিচাপে পৰিচিত নিল্যুৎপল ৰাজকোঁৱৰ বহু দিনৰ পৰা অচিনাক্ত ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল। আজি পুৱা ভাগত ডিব্ৰুগড়ৰ অসম চিকিৎসালয়ত তেওঁৰ মৃত্যু হোৱা খবৰ বিয়পি পৰা লগে লগে সমগ্ৰ চিলাপথাৰ ডিমৌ আৰু শিৱসাগৰ টেঙাপুখুৰী অঞ্চলতো এক শোঁকৰ ছা’ পৰে। আহোমৰ ৰাজ পৰিয়ালৰ শেষৰ জন ৰজা পুৰন্দৰ সিংহৰ পুত্ৰ কামেশ্বৰ সিংহৰ নাতী বপা গোহাঞি পৰি নাতী ৰূপে চিহ্নিত নীলোৎপল ৰাজকোঁৱৰৰ ১৯৫৭ চনত নেফা তথা অৰুণাচলচল প্ৰদেশৰ তেতিয়াৰ লোহিত জিলাৰ চৌখামত জন্ম হয়। ধেমাজিৰ চিলাপথাৰ ডিমৌ অঞ্চলৰ বহুতো সামাজিক কৰ্মৰ লগতে অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত বৰ্তমানৰ শিৱসাগৰ টেঙাপুখুৰীৰ ধামধূলীৰ পৰা চৰকাৰী কৰ্মসূত্ৰে তেতিয়াৰ নেফাৰ চৌখামত থকা তেওঁৰ পিতৃ নৰনাথ ৰাজকোঁৱৰে ১৯৭৬ চনত ধেমাজি চিলাপথাৰৰ ডিমৌ শান্তিপুৰত স্থায়ী ভাৱে বাস কৰে। অৰুণাচলতে শিক্ষা জীৱন আৰম্ভ কৰা নিল্যুৎপল ৰাজকোঁৱৰে গোৱালপাৰা সৈনিক স্কুলত উচ্চ মাধ্যমিক শিক্ষা শেষ কৰি দিল্লীৰ চেন্ট ষ্টিফেন মহাবিদ্যালয়ৰ পৰা ১৯৭৮ বৰ্ষত স্নাতক পৰীক্ষা উত্তীর্ণ হৈ জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয়ৰ পৰা ১৯৮১ চনতে বিজ্ঞান শাখাত স্নাতকোত্তৰ আছিল। শিক্ষা জীৱন ইমানতে সামৰি চৰকাৰী চাকৰি নকৰি ৰাজনৈতিক দলত যোগদান কৰা ৰাজকোঁৱৰৰ ১৯৮৫ ৰ অগপ চৰকাৰ দিনত শিক্ষক নিযুক্তি বৰ্ডৰ ধেমাজি জিলাৰ অধ্যক্ষ আছিল। পিছত আলফাৰ শুভাকাঙ্ক্ষী হোৱা হেতু ১৯৯০ চনৰ ৰাষ্ট্ৰপতি শাসনৰ বজৰং অপাৰেশ্যনত তাদা আইনত লখিমপুৰ কাৰাবাসত থকা সময়তে ১৯৯১ চনৰ নিৰ্বাচনত কাৰাবাসৰ অৱস্থাতে নিদ্দলীয় ভাৱে দুই শিখাৰ প্ৰতীক লৈ লখিমপুৰ লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াইছিল। বৈবাহিক সম্বন্ধত আবদ্ধ নোহোৱা নীলোৎপল ৰাজকোঁৱৰে ২০০৩ চনত ভাৰতীয় জাতীয় কংগ্ৰেছত যোগ দিয়ে আৰু ২০০৩ চনৰ পৰা ২০১৫ চনলৈ কংগ্রেছ দলৰ ধেমাজি জিলাৰ প্ৰধান সম্পাদক হিচাপে কৰ্মৰত আছিল ।