“বৈদিক গণিত” এইয়া আকৌ কি ওলাল? শিক্ষামন্ত্ৰীৰ ভাষ্য কি?

ডিজিটেল ডেক্স, খবৰ ব্ৰহ্মপুত্ৰ:

২০২১ ৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষা কৰি ৰাজ্যৰ মহিলা সকলে লোৱা মাইক্ৰফাইনেন্সৰ ঋণ ৰেহাই দিয়াৰ প্ৰতিশ্ৰুতি অৱশেষত কাৰ্যকৰী কৰা হ’ল আজি ৷ সোমবাৰে ইয়াৰ অংশ হিচাবে ধেমাজি ষ্টেডিয়ামত জিলাখনৰ সাত হাজাৰ মহিলাক প্ৰদান কৰা হ’ল ঋণ পৰিশোধৰ প্ৰমান পত্ৰ ৷ এই অনুষ্ঠানৰ মুখ্য অতিথি ধেমাজি সমষ্টিৰ বিধায়ক তথা শিক্ষামন্ত্ৰী ডা° ৰনোজ পেগুৱে
সাংসদ প্ৰদান বৰুৱা, জিলা আয়ুক্ত অংকুৰ ভৰালী, জিলা পৰিষদৰ সভাপতি মোহন গগৈ তথা ভালে কেইজন বিশিষ্ট ব্যক্তিৰ
উপস্থিতিত শিক্ষামন্ত্ৰী গৰাকীয়ে আনুষ্ঠানিক ভাৱে সাত গৰাকী মহিলা হিতাধিকাৰী ক ঋণ পৰিশোধৰ প্ৰমান পত্ৰ ৷ এই অনুষ্ঠানত শিক্ষামন্ত্ৰী য়ে নিজৰ ভাষণ প্ৰসংগত বৰ্তমানৰ ৰাজ্য চৰকাৰ খন সকলো শ্ৰেণীৰ নাগৰিকৰ বাবে দায়বদ্ধ বুলি কোৱাৰ লগতে চৰকাৰে গ্ৰহন কৰা বিভিন্ন জনদৰদী আচঁনিৰ ওপৰতো বিশেষভাৱে আলোকপাত কৰে ৷

ইফালে এই অনুষ্ঠানৰ পিছতেই
বৈদিক গণিত সন্দৰ্ভত সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি ক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে শিক্ষামন্ত্ৰী ডা° ৰনোজ পেগুৱে ৷ বৈদিক গণিত মানে বেদ— পুৰাণ নহয়, এয়া গণিত আয়ত্ব কৰাৰ কৌশল ৷ ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীক গণিত ভীতি দূৰ কৰা তথা গণিত বিষয়ক জনপ্ৰিয়কৰণেৰে শিক্ষা গ্ৰহনৰ ক্ষেত্ৰত বিজ্ঞানমনস্কতা গঢ় দিয়াৰ প্ৰয়োজনীয়তা আছে যাৰ বাবে এই পদক্ষেপ লোৱা বুলি মন্তব্য কৰে শিক্ষামন্ত্ৰী গৰাকীয়ে ৷

Leave a Comment

What does "money" mean to you?
  • Pieces of Evil :) 31%, 88 votes
    88 votes 31%
    88 votes - 31% of all votes
  • It is a universal product for exchange. 25%, 71 vote
    71 vote 25%
    71 vote - 25% of all votes
  • Money - is paper... Money is not the key to happiness... 20%, 56 votes
    56 votes 20%
    56 votes - 20% of all votes
  • The authority, the "power", the happiness... 19%, 54 votes
    54 votes 19%
    54 votes - 19% of all votes
  • Source to achieve the goal. 6%, 16 votes
    16 votes 6%
    16 votes - 6% of all votes
Total Votes: 285
August 21, 2021 - September 30, 2023
Voting is closed
× How can I help you?