ডিজিটেল ডেক্স , খবৰ ব্ৰহ্মপুত্ৰ:
সীমা সমস্যা সমাধানৰ সন্দৰ্ভত দেওবাৰে অসম আৰু অৰুণাচলৰ ৰাজ্য দুখনৰ মাজত এখনি দ্বি পাক্ষিক বৈঠক অনুষ্ঠিত হয় । ধেমাজি জিলাৰ জোনাই মহকুমাধিপতি কাৰ্য্যালয়ত অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ সঞ্চালনাত অনুষ্ঠিত হোৱা বৈঠকখনিত অসম – অৰুণাচল প্ৰদেশৰ সীমা সমস্যা বিশেষকৈ অসমৰ ধেমাজি জিলা আৰু অৰুণাচল প্ৰদেশৰ নামনি চিয়াং জিলাৰ মাজৰ সীমাৰ সমস্যা সমূহ সমাধানৰ সন্দৰ্ভত আলোচনা কৰা হয় ৷ বৈঠকত অসম আৰু অৰুণাচল প্ৰদেশৰ দুয়োখন ৰাজ্যৰ ক্ষেত্ৰভিত্তিক পৰিদৰ্শনৰ অন্তত লাভ কৰা তথ্য আৰু অন্যান্য গুৰুত্বপূৰ্ণ দিশ সমূহৰ বিষয়ে পুংখানুপুংখভাৱে আলোচনা কৰি সম্প্ৰতি দুয়োখন ৰাজ্যৰ মাজৰ কেইবা দশক পুৰণি সীমা বিবাদ অন্ত হোৱাৰ দিশত যথেষ্ট অগ্ৰগতি লাভ কৰিছে বুলি উল্লেখ কৰে ৷ বৈঠক খনিত অৰুণাচল প্ৰদেশৰ বিধায়ক ক্ৰমে কেণ্টো ৰিনা আৰু কাৰ্ডো নাইগিয়ৰ, নামনি চিয়াং জিলাৰ উপায়ুক্ত প্ৰমুখ্যে চক্ৰ বিষয়া সকলৰ লগতে জোনাই সমষ্টিৰ বিধায়ক ভূৱন পেগু, ধেমাজি জিলা আয়ুক্ত অংকুৰ ভৰালী, উপ আয়ুক্ত যাদৱ পেগু, জোনাইৰ মহকুমাধিপতি শান্তনু গগৈ উপস্থিত থাকে।