বহিৰাজ্যত অসমৰ যুৱক এজনৰ মৃতদেহ উদ্ধাৰ : দুজন সন্ধানহীন

ডিজিটেল ডেক্স,খবৰ ব্ৰহ্মপুত্ৰ:

বৰ্হি ৰাজ্যলৈ কৰ্ম সংস্থাপনৰ বাবে যোৱা ধেমাজি জিলাৰ চিমেন চাপৰি আৰক্ষী থানাৰ অন্তৰ্গত ১ নং চিমেন চাপৰিৰ এজন যুৱকৰ আজি দিনৰ ১২ বজাত মৃতদেহ বহি:ৰাজ্যত উদ্ধাৰ হোৱা লগতে আন দুজন সন্ধানহীন হৈ থকা ঘটনাই অঞ্চলটোত এক চাঞ্চল্য সৃষ্টি হৈছে। জানিব পৰা মতে ১১ অক্টোবৰত ৰেলেৰে ধেমাজি জিলাৰ চিমেন চাপৰি আৰক্ষী থানাৰ অধীনস্থ 1 নং চিমেন চাপৰিৰ নিবাসী শম্ভু দাসৰ লগতে কনক গগৈ আৰু মোহন টকবি অন্ধ্ৰপ্ৰদেশলৈ কৰ্ম সংস্থাপনৰ বাবে গৈ আছিল । গৈ থকা অৱস্থাত বহি:ৰাজ্য অন্ধ প্ৰদেশৰ কাকি-নেদা ৰেলৱে ষ্টেচনত শম্ভু দাসৰ মৃত দেহ হঠাৎ আজি দিনৰ ভাগত উদ্ধাৰ হোৱা লগতে তেওঁৰ লগত যোৱা কনক গগৈ আৰু মোহন টকবি বাতৰি লিখা পৰলৈকে সন্ধানহীন হৈ থকা ঘটনাই সমগ্ৰ অঞ্চলবসীক চিন্তাত পেলাইছে । অলপতে বহিৰাজ্যত কৰ্ম সংস্থাপনৰ বাবে যোৱা জিলাখনৰ চিলাপথাৰৰ এজন ব্যক্তি সন্ধানহীন হৈ থকাৰ বাতৰিৰ ঢৌ মাৰ নে যাওতেই পুনৰ এক অনুৰূপ ঘটনা সংঘটিত হোৱাত চিন্তনীয় কাৰণ হৈ পৰিছে । ইপিনে কনক গগৈ আৰু মহন টকবি পৰিয়ালৰ বৰ্গই জানিব দিয়া মতে আজি পুৱা ৮.০০ বজাত যোগাযোগ হৈছিল আৰু তাৰ পিছৰ পৰা কাৰোয়ে যোগাযোগ হোৱা নাই। বৰ্তমান পৰিয়ালবৰ্গই স্থানীয় আৰক্ষীৰ জৰিয়তে যাৱতীয় ব্যৱস্থা কৰিছে যদিও কোনো ফল ধৰা নাই।

Leave a Comment

What does "money" mean to you?
  • Pieces of Evil :) 31%, 88 votes
    88 votes 31%
    88 votes - 31% of all votes
  • It is a universal product for exchange. 25%, 71 vote
    71 vote 25%
    71 vote - 25% of all votes
  • Money - is paper... Money is not the key to happiness... 20%, 56 votes
    56 votes 20%
    56 votes - 20% of all votes
  • The authority, the "power", the happiness... 19%, 54 votes
    54 votes 19%
    54 votes - 19% of all votes
  • Source to achieve the goal. 6%, 16 votes
    16 votes 6%
    16 votes - 6% of all votes
Total Votes: 285
August 21, 2021 - September 30, 2023
Voting is closed
× How can I help you?