ধেমাজিৰ বন বিভাগত চলি থকা ব্যাপক অনিয়ম আৰু দুৰ্নীতি বন্ধ কৰাৰ দাবীত ধেমাজি লাচিত নগৰস্থিত বন বিভাগৰ কাৰ্যালয়ৰ সন্মুখত শুকুৰবাৰে এক দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসুচী ৰূপায়ণ কৰে ধেমাজি জিলা ছাত্ৰ সন্থাই ৷দুই শতাধিক ছাত্ৰ কৰ্মী উপস্থিত থকা অৱস্থান ধৰ্মঘট স্থলীত প্ৰতিবাদকাৰীসকলে ধেমাজি বন বিভাগ নামত আছে কামত নাই , বন মাফিয়াৰ লগত মিতিৰালি বন্ধ কৰক , বনজ সম্পদৰ অবৈধ সৰবৰাহ বন্ধ কৰক , চোৰাং চিকাৰীক গেপ্তাৰ কৰক , শিল-বালিৰ অবৈধ সৰবৰাহ বন্ধ কৰক আৰু ছাত্র ঐক্য জিন্দাবাদ আদি শ্ল’গানেৰে কঁপাই তোলে ৷ জিলা ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ দাসে এই সন্দৰ্ভৰ প্ৰতিবাদ স্থলীৰ পৰাই অহা দহ দিনৰ ভিতৰত হুংকাৰ প্ৰদান কৰি কয় যে শীঘ্ৰে বন বিভাগে এই ক্ষেত্ৰত উচিত পদক্ষেপ গ্ৰহণ নকৰিলে পুনৰ বন বিভাগৰ কাৰ্যালয় ঘেৰাও দৰে কাৰ্যসুচী ৰূপায়ন কৰিব বুলি সকিয়াই দিয়ে ৷