ডিজিটেল ডেক্স , খবৰ ব্ৰহ্মপুত্ৰ:
ৰাজ্যৰ মহিলা সকলক অৰ্থনৈতিক আৰু পুষ্টিজনিত সুৰক্ষা প্ৰদানৰ উদ্দেশ্যে আজি ধেমাজিত অৰুণোদয় দ্বিতীয় পয্যায়ৰ ধন মুকলি কৰা হয় । ধেমাজি ষ্টেডিয়ামত হাজাৰ হাজাৰ মহিলা আৰু বিশেষ ভাৱে সক্ষম লোকৰ উপস্থিতিত ধেমাজি জিলাৰ অভিভাৱক মন্ত্ৰী সঞ্জয় কিশাণে হিতাধিকাৰী সকলৰ মাজত হিতাধিকাৰী পত্ৰ আনুষ্ঠানিক ভাবে বিতৰণ কৰে। দুৰ্গোৎসৱৰ পূৰ্বে অৰুণোদয় আঁচনিৰ অধীনস্থ ধেমাজিৰ ১২,২৩০ গৰাকী হিতাধিকাৰী পৰিয়াললৈ এই ধন মোকলাই দিয়াৰ কথা উল্লেখ কৰে। বিশেষ ভাৱে সক্ষম, বিধৱা আৰু দৰিদ্ৰ্ সীমাৰেখাৰ তলৰ লোককো সামৰি হিতাধিকাৰী নিৰ্বাচন কৰা বুলি মন্ত্ৰী কিষাণে উল্লেখ কৰে ৷ এই অনুষ্ঠানত উপস্থিত থাকে লক্ষিমপুৰ লোক সভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা , ধেমাজি জিলা আয়ুক্ত অংকুৰ ভৰালী, ধেমাজি জিলা বিজেপিৰ সভাপতি প্ৰেম দত্ত , ধেমাজি জিলা উন্নয়ন প্ৰাধীকৰণৰ সভাপতি তুলন কোঁৱৰ আৰু ধেমাজি পৌৰপতি দীপৰেখা দাস ব্ৰাগী আদি ৷
Youtube ত চাবলৈ ক্লিক কৰক তলৰ লিংকত:
https://youtu.be/ioTl5sh_V3k?si=cgBviw1WzLCIm7iI