ধেমাজি প্ৰেছ ক্লাৱত গোবিন চন্দ্ৰ মেদকৰ স্মৃতিচাৰণ সভা

ডিজিটেল ডেক্স , খবৰ ব্ৰহ্মপুত্ৰ:

ধেমাজি জিলা সাংবাদিক সংস্থাৰ উদ্যোগত আৰু ধেমাজি প্ৰেছ ক্লাৱৰ সহযোগত বিশিষ্ট শিক্ষাবিদ – সাংবাদিক বিনয়ীপুৰুষ গোবিন্দ চন্দ্ৰ মেদকদেৱৰ স্মৃতিচাৰণ সভাখনি বৃহস্পতিবাৰে ধেমাজি প্ৰেছ ক্লাৱত অনুষ্ঠিত হয় ৷ ধেমাজি জিলা সাংবাদিক সংস্থাৰ সম্পাদক জীৱন কোঁৱৰে আঁত ধৰা স্মৃতিচাৰণ সভাখনিত সভাপতিত্ব কৰে জিলা সাংবাদিক সংস্থাৰ সভাপতি প্ৰেমানন্দ তালুকদাৰে ৷ স্মৃতিচাৰণ সভাখনিত ধেমাজিৰ প্ৰাক্তন জেষ্ঠ্য সাংবাদিক উমেশ খাণ্ডেলীয়া , ধেমাজি মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড° বুদ্ধিন্দ্ৰ বৰুৱা  , ধেমাজি বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দীপক বৰগোহাঁই , ধেমাজি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দীপক কুমাৰ নেওগ , ধেমাজি মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ বনজিৎ ভট্ৰ , প্ৰাক্তন অধ্যাপক উমা শৰ্মা , ধেমাজি প্ৰেছ ক্লাৱৰ সভাপতি অশ্বিনী কুমাৰ দুৱৰা , বিশিষ্ট সাহিত্যিক উমেশ চেতিয়া , ধেমাজি খণ্ড উন্নয়ন বিষয়া তথা বিশিষ্ট কবি নবীন কামানকে আদি ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰি শিক্ষাবিদ – সাংবাদিক গৰাকীৰ কৰ্মৰাজী ওপৰত তত্ত্ব গধুৰ বক্তব্য ৰাখি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ ইয়াৰ আগেয়ে বিশিষ্ট শিক্ষাবিদ – সাংবাদিক বিনয়ীপুৰুষ গোবিন্দ চন্দ্ৰ মেদকদেৱৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে বিশিষ্ট সাহিত্যিক উমেশ চেতিয়াই ৷ স্মৃতিচাৰণ সভাখনিত ধেমাজি জিলাখনৰ ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰি বিশিষ্ট শিক্ষাবিদ – সাংবাদিক গৰাকীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷

Leave a Comment

What does "money" mean to you?
  • Pieces of Evil :) 31%, 88 votes
    88 votes 31%
    88 votes - 31% of all votes
  • It is a universal product for exchange. 25%, 71 vote
    71 vote 25%
    71 vote - 25% of all votes
  • Money - is paper... Money is not the key to happiness... 20%, 56 votes
    56 votes 20%
    56 votes - 20% of all votes
  • The authority, the "power", the happiness... 19%, 54 votes
    54 votes 19%
    54 votes - 19% of all votes
  • Source to achieve the goal. 6%, 16 votes
    16 votes 6%
    16 votes - 6% of all votes
Total Votes: 285
August 21, 2021 - September 30, 2023
Voting is closed
× How can I help you?