প্ৰতিবাদী কাৰ্যসূচী: দাবী-ষষ্ঠ অনুসচী স্বায়ত্তশাসন প্ৰদান

ৰাজ্যত পুনৰ জনজাতি সকলৰ ছাত্ৰ তথা জাতীয় সংগঠনে ষষ্ঠ অনুসুচী ৰ অধীনত পূৰ্ণ স্বায়ত্তশাসনৰ প্ৰদানৰ দাৱীত ধাৰবাহিক আন্দোলন কৰিবলৈ সাজু ৷ জিলাই জিলাই অৱস্থান ধৰ্মঘটৰ জৰিয়তে প্ৰতিবাদী কাৰ্যসুচী আৰম্ভনি কৰিলে সোনোৱাল কছাৰী ছাত্ৰ সন্থা ,দেউৰী ছাত্ৰ সন্থা আৰু ঠেঙাল কছাৰী জাতীয় সংগঠনে ৷
২০০৫ চনত স্বায়ত্তশাসিত পৰিষদ প্ৰদান কৰাৰ পিছত যাৱতীয় ব্যবস্থা গ্ৰহন কৰি সাংবিধানক মৰ্যদা প্ৰদান কৰা নহল বৰ্তমান ৰাজ্যত চলি থকা ছয় খনকৈ স্বায়ত্ব শাসিত পৰিষদক ৷ নাৰ্য্য প্ৰাপ্তিৰ দাৱীত এইবাৰ পুনৰ সৰৱ হৈ পৰি জনজাতীয় ছাত্ৰ সংগঠন ৷ মঙলাবৰে সোনোৱাল কছাৰী ,দেউৰী আৰু ঠেঙাল কছাৰী জনজাতিৰ জনগোষ্ঠীক “ ষষ্ঠ অনুসচী স্বায়ত্তশাসন “ প্ৰদানৰ দাৱীত ধেমাজিত আকছু,আদছু আৰু ঠেঙাল কছাৰী জাতীয় সংগঠনৰ উদ্যোগত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত দুঘন্টীয়া অৱস্থান ধৰ্মঘট ৰূপায়ন ৷ তিনি শতাধিক প্ৰতিবাদীয়ে বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে অৱস্থান ধৰ্মঘট থলী ৷ ইফালে আজি ৰ প্ৰতিবাদ থলীৰ পৰাই সংগঠন কেইটাই চৰকাৰক ইয়াৰ ওপৰত অতিশীঘ্ৰেই ব্যবস্থা গ্ৰহন নকৰিলে ধাৰাবাহিক আন্দোলন কাৰ্যসুচী ৰূপায়ন কৰাৰ লগতে আগন্তক
লোকসভা নিৰ্বাচনত ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ সাজু বুলি হুংকাৰ দিছে|

Leave a Comment

What does "money" mean to you?
  • Pieces of Evil :) 31%, 88 votes
    88 votes 31%
    88 votes - 31% of all votes
  • It is a universal product for exchange. 25%, 71 vote
    71 vote 25%
    71 vote - 25% of all votes
  • Money - is paper... Money is not the key to happiness... 20%, 56 votes
    56 votes 20%
    56 votes - 20% of all votes
  • The authority, the "power", the happiness... 19%, 54 votes
    54 votes 19%
    54 votes - 19% of all votes
  • Source to achieve the goal. 6%, 16 votes
    16 votes 6%
    16 votes - 6% of all votes
Total Votes: 285
August 21, 2021 - September 30, 2023
Voting is closed
× How can I help you?