৭৫ বছৰত ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয় : মহাৰজত জয়ন্তীৰ ব্যাপক প্ৰস্তুতি:

৭৫ বছৰীয়া হল ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়|সেয়ে এতিয়া ব্যাপক প্ৰস্তুতি বিদ্যালয়খনত| শিক্ষক-ছাত্ৰ,প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলো এতিয়া ব্যস্ত  ৭৫ বছৰ হোৱা উপলক্ষত ২০২৪ বর্ষটো মহাৰজত জয়ন্তী হিচাপে উদযাপন কৰাৰ বাবে|কাৰ্যসূচী অনুসৰি  চলিত বৰ্ষৰ ৩১ অক্টোবৰ ২০২৪ তাৰিখৰ পৰা ১৬ ডিচেম্বৰ ২০২৪ তাৰিখলৈ এলানী কাৰ্যসূচী ৰূপায়নেৰে বিদ্যালয়খনৰ মহাৰজত জয়ন্তী উদযাপন কৰা হব| তাৰে ভিতৰত অহা ১৫ আৰু ১৬ … Read more

নাৰী দেহ ব্যৱসায়ী চক্ৰৰ মিছন ফেইল:মুক্তাৱ আলি আৰু মুবাৰক আলিক গ্ৰেপ্তাৰ:২ যুৱতী উদ্ধাৰ

নাৰী দেহ ব্যৱসায়ী চক্ৰৰ মিছন ফেইল:মুক্তাৱ আলি আৰু মুবাৰক আলিক গ্ৰেপ্তাৰ:২ যুৱতী উদ্ধাৰ

 

চুবুৰীয়া ৰাজ্য অৰুনাচলৰ ৰাজধানী ইটানগৰ হৈ পৰিছে নাৰী সৰবৰাহকাৰী ৰম্যভূমি ৷ ধেমাজিৰ একাংশ যুৱতীক স্হানীয় এজেন্টৰ জৰিয়তে প্ৰলোভিত কৰি ইটানগৰলৈ নি এই চক্ৰটোৱে লিপ্ত কৰায় দেহ ব্যৱসায়ত ৷ তিনিদিন পূৰ্বে ধেমাজিৰ হাউলী গাওঁ আৰু বালিজান গাওঁৰ দুগৰাকী যুৱতী কাহিলি পুৱাই শোৱাপাটিৰ পৰা নিৰুদ্দেশ হোৱাত পৰিয়ালৰ লোকে খবৰ দিয়ে আৰক্ষীক ৷ ধেমাজি আৰক্ষীয়ে যুৱতী কেইগৰাকীৰ ম’বাইল ফোনৰ লোকেশ্যন ট্ৰেক কৰি ইটানগৰলৈ নি থকা বুলি গম পাই অৰুনাছল আৰক্ষীৰ সহায় বিচাৰে ৷ কিন্তু চতুৰ নাৰীদেহ সৰবৰাহকাৰী চক্ৰটোৱে আৰক্ষীৰ অভিযানৰ খবৰ পাই ইটানগৰৰ পৰা তেজপুৰ হৈ গুৱাহাটীলৈ পলায়ন কৰা অৱস্হাত কলীয়াভোমোৰা দলংৰ সমীপত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ৷ AS01FO 2556 নম্বৰৰ এখন আৰ্টিগা গাড়ীত যুৱতী দুগৰাকীৰ লগতে বাক্সাৰ মুক্তাৱ আলি আৰু বঙাইগাওঁৰ মুবাৰক আলি নামৰ দুই নাৰীদেহ সৰবৰাহকাৰীকো আটক কৰে আৰক্ষীয়ে ৷ আনহাতে উদ্ধাৰ হোৱা দুই যুৱতীৰ স্বীকাৰোক্তিৰ ভিত্তিত ৰশ্মি ডেকাবৰুৱা নামৰ ধেমাজিৰ আন এগৰাকী যুৱতীকো আটক কৰে ধেমাজি আৰক্ষীয়ে ৷ উদ্ধাৰ হোৱা দুই যুৱতীয়ে ইটানগৰত অসমৰ আন বহু কেইগৰাকী যুৱতী এনেদৰে নাৰীদেহ চক্ৰৰ কৱলত বন্দী হৈ থকাৰ বিষ্ফোৰক তথ্য সদৰী কৰিছে ৷

× How can I help you?