জীৱনশৈলী - Khabar Brahmaputra https://khabarbrahmaputra.in Latest Indian Breaking News, Hindi News, Indian Updates Fri, 06 Oct 2023 12:24:22 +0000 en-US hourly 1 https://wordpress.org/?v=6.7.2 https://khabarbrahmaputra.in/wp-content/uploads/2021/08/cropped-News-logo-by-A-2023-09-19T151724.714-32x32.png জীৱনশৈলী - Khabar Brahmaputra https://khabarbrahmaputra.in 32 32 গোগামুখত কি কৰিছে উচ্চশিক্ষিত ৰীণা আৰু ভগ্নী বিনিতাই https://khabarbrahmaputra.in/archives/14808 https://khabarbrahmaputra.in/archives/14808#respond Fri, 06 Oct 2023 12:10:10 +0000 https://khabarbrahmaputra.in/?p=14808 ডিজিটেল ডেক্স, খবৰ ব্ৰহ্মপুত্ৰ: ৰাজ্যৰ লাখ লাখ নিৱনুৱাই আত্ম সংস্থাপন বিচাৰি হাবাথুৰি খোৱাৰ সময়তে চৰকাৰী চাকৰি লৈ বাট নাচাই উচ্চ শিক্ষা গ্ৰহণ কৰাৰ পিছত কেন্টিন চলাই নিজৰ উপাৰ্জনৰ পথ উলিয়াইছে এগৰাকী উচ্চ শিক্ষিত যুৱতীৰ লগতে ভগ্নী আৰু ভাতৃয়ে ৷ এইটো ধেমাজি জিলা ৰ দুৱাৰ মুখ স্বৰূপগোগামুখস্থিত মিছিং স্বায়ত্ব শাসিত পৰিষদৰ সচিবালয় চৌহদ ৷ এই চৌহদতেই ... Read more

The post গোগামুখত কি কৰিছে উচ্চশিক্ষিত ৰীণা আৰু ভগ্নী বিনিতাই first appeared on Khabar Brahmaputra.

]]>

ডিজিটেল ডেক্স, খবৰ ব্ৰহ্মপুত্ৰ:

ৰাজ্যৰ লাখ লাখ নিৱনুৱাই আত্ম সংস্থাপন বিচাৰি হাবাথুৰি খোৱাৰ সময়তে চৰকাৰী চাকৰি লৈ বাট নাচাই উচ্চ শিক্ষা গ্ৰহণ কৰাৰ পিছত কেন্টিন চলাই নিজৰ উপাৰ্জনৰ পথ উলিয়াইছে এগৰাকী উচ্চ শিক্ষিত যুৱতীৰ লগতে ভগ্নী আৰু ভাতৃয়ে ৷ এইটো ধেমাজি জিলা ৰ দুৱাৰ মুখ স্বৰূপ
গোগামুখস্থিত মিছিং স্বায়ত্ব শাসিত পৰিষদৰ সচিবালয় চৌহদ ৷ এই চৌহদতেই আছে সচিবালয়ত কৰ্মৰত কৰ্মচাৰীৰ লগতে ইয়ালৈ অহা জনসাধাৰনৰ বাবে এইখন কেন্টিন ৷ এইবাৰ এইখন কেন্টিনৰ নিবিদা লাভ কৰিছে এগৰাকী বানিজ্য শাখাত স্নাতকোত্তৰ ডিগ্ৰী ধাৰী যুৱতীয়ে ৷ ইতিমধ্যে সফলতাৰে তিনিটা মাহ অতিক্ৰম কৰি চতুৰ্থটো মাহত ভৰি থলে কেন্টিনৰ নিবিদা লাভ কৰা ৰীনা দলেৰ দ্বাৰা পৰিচালিত কেন্টিন খনে ৷ মুখত এমোকোৰা হাঁহি লৈ অনবৰতে নিজৰ কৰ্মত মনোযোগ দি কেন্টিনলৈ অহা গ্ৰাহকক আপ্যায়ন কৰিবলৈ প্ৰচেষ্টা চলোৱা যুৱতী দুগৰাকী ঘৰ চিচিবৰগাৱৰ গেলুৱাত ৷ কেন্টিনলৈ অহা গ্ৰাহকক আপ্যায়ন কৰে নিজৰ পচন্দ অনুযায়ী অৰ্ডাৰ দিয়া খাদ্যৰ সম্ভাৰ ৷ গ্ৰাহকেও কোনো দ্বিধা নোহোৱাকৈয়ে ঘৰুৱা প্ৰনালীৰে প্ৰস্তত কৰা খাদ্যৰ জুতি লয় ৷ ইয়াৰ ভিতৰত সৰ্বাধিক জনপ্ৰিয় হৈ পৰিছে মিছিং জনগোষ্ঠীয় খাদ্য সম্ভাৰ ৷ জুতি লোৱা সকলে পুনৰ মনত পেলাই ইয়াৰ সোৱাদ ৷ ৰীনাৰ লগতে ভগ্নী বিনিতাই নিজে কোঠাই কোঠাই দিয়েগৈ চাহ বিস্কুট, কফি ৷ দৈনিক তিনি হাজাৰ টকাৰ চাহ,ভাত,ৰুটি আৰু কফিৰ লগতে সময়ে সময়ে অনুষ্ঠিত বিশেষ অৰ্ডাৰত লাভ কৰে সাত আঠ হাজাৰ টকাৰ ব্যব্যসায় ৷ যোৱা কেইটা মাহত ৰীণা ৰ লগতে জেষ্ঠ ভগ্নী বিনিতা আৰু ভাতৃয়ে মিলি চলোৱা এই কেন্টিনৰ জৰিয়তে বৰ্তমান তিনিও অনায়সে চলিব পৰা হৈছে ৷ ভৱিষ্যতে এই কেন্টিন খন চলোৱাৰ লগতে চাকৰিৰ পৰিবৰ্তে ব্যবসায় কৰাৰ ইচ্ছা প্ৰকাশ কৰে ৰীনা দলেই ৷ নিৱনুৱা যুৱক যুৱতী সকলে চৰকাৰী চাকৰি লৈ বাট নাচাই নিজেই কিবা এটা কৰাৰ আহ্বান জনাই ৷
ইফালে এই সন্দৰ্ভত এগৰাকী গ্ৰাহক তথা এম এ চি সচিবালয়ৰ কৰ্মচাৰীয়ে কয় যে যুৱতী দুগৰাকী বিনয়ী স্বভাৱৰ বাবে সকলোৱে সহাঁৰি জনাইছে তথা সুন্দৰকৈ গ্ৰাহকক আকৃষ্ট কৰিবলৈ সক্ষম হৈছে |

The post গোগামুখত কি কৰিছে উচ্চশিক্ষিত ৰীণা আৰু ভগ্নী বিনিতাই first appeared on Khabar Brahmaputra.

]]>
https://khabarbrahmaputra.in/archives/14808/feed 0