শিক্ষা - Khabar Brahmaputra https://khabarbrahmaputra.in Latest Indian Breaking News, Hindi News, Indian Updates Tue, 27 Aug 2024 15:32:45 +0000 en-US hourly 1 https://wordpress.org/?v=6.7.2 https://khabarbrahmaputra.in/wp-content/uploads/2021/08/cropped-News-logo-by-A-2023-09-19T151724.714-32x32.png শিক্ষা - Khabar Brahmaputra https://khabarbrahmaputra.in 32 32 নন্দীগিৰী ভূঞা সমাজ কল্যাণ গোটৰ দ্বাৰা বিনামূলীয়া প্ৰশিক্ষণ শিৱিৰ https://khabarbrahmaputra.in/archives/14914 https://khabarbrahmaputra.in/archives/14914#respond Tue, 27 Aug 2024 15:32:14 +0000 https://khabarbrahmaputra.in/?p=14914 মেধা আৰু নিকা প্ৰক্ৰিয়াৰে চৰকাৰী নিযুক্তি পত্ৰ প্ৰদানৰ ধাৰাবাহিকতা ৰক্ষা কৰি পুনৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে আগন্তুক সময়ত আৰম্ভ কৰিব এক নিযুক্তি প্ৰক্ৰিয়া। তৃতীয় আৰু চতুৰ্থ বৰ্গত চৰকাৰে  এই নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিব বুলি জানিবলৈ পাই ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত নিবনুৱা সকলৰ মাজত এটি চাকৰি আশাৰে নিজে নিজে প্ৰস্তূতি আৰম্ভ কৰিছে । তেনে সময়তে ধেমাজি জিলাৰ ... Read more

The post নন্দীগিৰী ভূঞা সমাজ কল্যাণ গোটৰ দ্বাৰা বিনামূলীয়া প্ৰশিক্ষণ শিৱিৰ first appeared on Khabar Brahmaputra.

]]>
মেধা আৰু নিকা প্ৰক্ৰিয়াৰে চৰকাৰী নিযুক্তি পত্ৰ প্ৰদানৰ ধাৰাবাহিকতা ৰক্ষা কৰি পুনৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে আগন্তুক সময়ত আৰম্ভ কৰিব এক নিযুক্তি প্ৰক্ৰিয়া। তৃতীয় আৰু চতুৰ্থ বৰ্গত চৰকাৰে  এই নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিব বুলি জানিবলৈ পাই ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত নিবনুৱা সকলৰ মাজত এটি চাকৰি আশাৰে নিজে নিজে প্ৰস্তূতি আৰম্ভ কৰিছে । তেনে সময়তে ধেমাজি জিলাৰ চিচিবৰগাৱৰ যুৱক তথা NGB construction ৰ স্বত্বাধিকাৰী নন্দিগীৰি ভূঞা তথা সদ্য গঠিত “নন্দীগিৰী ভূঞা সমাজ কল্যাণ গোটৰ” দ্বাৰা ছাত্ৰ -ছাত্ৰী সকলৰ সুবিধাৰ্থে আজিৰ পৰা আৰম্ভ কৰিছে সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰশিক্ষণ শিবিৰ ।  আজি ধেমাজি জিলাখনৰ ক্ৰমে চিলাপথাৰ স্থিত চিলাপথাৰৰ বিজ্ঞান মহাবিদ্যালয়, চিচিবৰগাও মহাবিদ্যালয়, মৰিধল মহাবিদ্যালয় , মাছখোৱা মহাবিদ্যালয়ৰ লগতে বৰদলনিস্হিত লিটল গড মডেল স্কুলত  সমাজ কল্যাণ গোটৰ বিষয়ববীয়া, মহাবিদ্যালয়ৰ অধ্যক্ষ, অধ্যাপক, বিভিন্ন দিশত সফলতা লাভ কৰা বহু সংখ্যক সমল ব্যক্তিৰ উপস্থিতিত আৰম্ভ হয় এই বিনামূলীয়া প্ৰশিক্ষণ শিৱিৰৰ শুভাৰম্ভ। য’ত আজি প্ৰথম দিনতেই আগন্তুক নিযুক্তি প্ৰক্ৰিয়াত নিজক জড়িত কৰি ৰাখিব খোজা শ শ লোকে অংশগ্ৰহণ কৰে । উল্লেখযোগ্য যে , চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ত আৰম্ভণিতে নন্দিগীৰি ভূঞা সমাজ কল্যাণ গোটৰ এই প্ৰশংসনীয় পদক্ষেপৰ বাবে সমাজ কল্যাণ গোটৰ সভাপতি দিগন্ত ভূঞা আৰু মহাবিদ্যালয় খনৰ অধ্যক্ষ ড০ ৰঞ্জিত শ ইকীয়াই বন্তি প্ৰজ্বলন কৰাৰ পাছতেই  অধ্যক্ষ ড০ ৰঞ্জিত শ ইকীয়াই শুভাৰম্ভণি অনুষ্ঠানটোৰ আঁত ধৰে আৰু জিলা টেজাৰী অফিচাৰ অৰুণাভ বৰঠাকুৰ, চিৰঞ্জীৱ শ ইকীয়া, মিলন দলে ,বিজয় দেৱ আদিৰ দ্বাৰা প্ৰশিক্ষণ প্ৰদান কৰে । ইফালে চিচিবৰগাও মহাবিদ্যালয়টো অধ্যাপক নৱ শ ইকীয়া , ড০ দেৱজিৎ দাশ গুপ্তা, জগন্নাথ চুতীয়া, ৰত্ন ভূঞা,হোমেন সোণোৱাল, ৰন্টো দে’, অনুৰাগ শ ইকীয়া আদিৰ উপস্থিতিত অধ্যক্ষ থানুৰাম ভূঞাৰ দ্বাৰা শুভ উদ্বোধন কৰে। । ইফালে  বৰদলনি লিটল গড মডেল স্কুলত আৰম্ভ হোৱা প্ৰশিক্ষণ অনুষ্ঠানৰ উদ্বোধন কৰে আৰক্ষী বিষয়া বসন্ত শইকীয়াই। একেদৰে মৰিধল  কলেজততো আৰম্ভ হল চাকৰি প্ৰাৰ্থীৰ প্ৰশিক্ষণ। অধ্যাপক ভূপেন গগৈ,গুণীন দত্ত,জোনাকী গগৈ, এছ,বৰ্ম, পি দুৱৰী, বি কে নাথ আদিৰ উপস্থিতিত  প্ৰশিক্ষন শিবিৰ উদ্বোধন কৰে অধ্যক্ষ ড: দ্বীপেন শইকীয়াই। দৰ্পণ বুঢ়াগোহাঁই সমল ব্যক্তি হিচাপে উপস্থিত থকা অনুষ্ঠানত শতাধিক প্ৰশিক্ষাৰ্থী ভাগ লয়। ইফালে মাছখোৱা ডিগ্ৰী কলেজটো আৰম্ভ হয় এই শিৱিৰৰ শুভাৰম্ভ। অধ্যক্ষ গণ ৰাজ য়েনে এই শিৱিৰ উদ্বোধন কৰে । উপস্থিত থাকে ৰঞ্জিত চাংমাই,অধ্যাপক ড০বসন্ত মংগল দত্তৰ লগতে আন  অধ্যাপক -অধ্যাপিকা সকলৰ ।  সমল ব্যক্তি হিচাপে থাকে শংকৰ জ্যোতি শ ইকীয়া, যুগল কিশোৰ নেওগ।ইফালে পৰীক্ষা প্ৰাৰ্থী সকলক প্ৰদান কৰে বিনামূলীয়াকৈ বহী আৰু কলম । 


The post নন্দীগিৰী ভূঞা সমাজ কল্যাণ গোটৰ দ্বাৰা বিনামূলীয়া প্ৰশিক্ষণ শিৱিৰ first appeared on Khabar Brahmaputra.

]]>
https://khabarbrahmaputra.in/archives/14914/feed 0
বিদেশী বিশ্ববিদ্যালয়ৰ পৰা ১২০০০ অনলাইন পাঠ্যক্ৰমৰ সুবিধা https://khabarbrahmaputra.in/archives/14795 https://khabarbrahmaputra.in/archives/14795#respond Thu, 05 Oct 2023 15:18:47 +0000 https://khabarbrahmaputra.in/?p=14795 ডিজিটেল ডেক্স, খবৰ ব্ৰহ্মপুত্ৰ:অসম চৰকাৰৰ শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তই আশাৰ সঞ্চাৰ কৰিছে ছাত্ৰ ছাত্ৰীসকলৰ বাবে| ছাত্ৰ-ছাত্ৰীসকলক ১২০০০ ডিজিটেল অনলাইন পাঠ্যক্ৰমৰ সুবিধা প্ৰদান কৰিবলৈ শিক্ষা বিভাগে ইনফ’ছিছ স্প্ৰিংব’ৰ্ডৰ দ্বাৰা অসমৰ বাবে বিশেষভাৱে কিউৰেট কৰা মাইক্ৰ’ছাইট মুকলি কৰাৰ পিছত এতিয়া অসমৰ ছাত্ৰ-ছাত্ৰীসকলে বিদেশী বিশ্ববিদ্যালয়ৰ পৰা সামৰ্থ্য বৃদ্ধি, মূল্য সংযোজিত আদি পাঠ্যক্ৰমৰ প্ৰমাণপত্ৰ লাভ কৰিবলৈ আৰম্ভ কৰিবলৈ আৰম্ভ ... Read more

The post বিদেশী বিশ্ববিদ্যালয়ৰ পৰা ১২০০০ অনলাইন পাঠ্যক্ৰমৰ সুবিধা first appeared on Khabar Brahmaputra.

]]>
ডিজিটেল ডেক্স, খবৰ ব্ৰহ্মপুত্ৰ:

অসম চৰকাৰৰ শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তই আশাৰ সঞ্চাৰ কৰিছে ছাত্ৰ ছাত্ৰীসকলৰ বাবে| ছাত্ৰ-ছাত্ৰীসকলক ১২০০০ ডিজিটেল অনলাইন পাঠ্যক্ৰমৰ সুবিধা প্ৰদান কৰিবলৈ শিক্ষা বিভাগে ইনফ’ছিছ স্প্ৰিংব’ৰ্ডৰ দ্বাৰা অসমৰ বাবে বিশেষভাৱে কিউৰেট কৰা মাইক্ৰ’ছাইট মুকলি কৰাৰ পিছত এতিয়া অসমৰ ছাত্ৰ-ছাত্ৰীসকলে বিদেশী বিশ্ববিদ্যালয়ৰ পৰা সামৰ্থ্য বৃদ্ধি, মূল্য সংযোজিত আদি পাঠ্যক্ৰমৰ প্ৰমাণপত্ৰ লাভ কৰিবলৈ আৰম্ভ কৰিবলৈ আৰম্ভ কৰিছে| নিশ্চিতভাৱে ই ছাত্ৰ ছাত্ৰীসকলৰ বাবে সুখবৰ| ইয়াৰ ফলত বিদেশৰ শিক্ষা ব্যৱস্থাৰ সৈতে অসমৰ ছাত্ৰ ছাত্ৰীসকলে নিজকে একাত্ম কৰি ন-ন দিশত আগবাঢ়ি যোৱাৰ এতিয়া পথ প্ৰশস্ত হৈছে|

The post বিদেশী বিশ্ববিদ্যালয়ৰ পৰা ১২০০০ অনলাইন পাঠ্যক্ৰমৰ সুবিধা first appeared on Khabar Brahmaputra.

]]>
https://khabarbrahmaputra.in/archives/14795/feed 0