কৃষি বিজ্ঞান কেন্দ্ৰ ধেমাজিৰ উদ্যোগত বিশেষ কৰ্মশালা সম্পন্ন : শিক্ষামন্ত্ৰী ৰনোজ পেগু,অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ উপস্থিতিত জিলাখনৰ প্ৰগতিশীল কৃষকৰ অংশগ্ৰহণ ৷
কৃষকৰ উন্নয়নৰ বাবে কৃষি প্ৰযুক্তিত আধুনিক কৌশল প্ৰয়োগ কৰি
আগুৱাই লৈ যাৱলৈ ধেমাজি জিলা খনৰ কৃষি, মীন,ৰেচম আৰু উদ্যান শস্য বিভাগৰ বিষয়াৰ অংশগ্ৰহনৰে নিৰ্বাচিত পচিঁশ জন প্ৰগতিশীলকৃষকৰ উপস্থিতিত কৃষি বিজ্ঞান কেন্দ্ৰ, ধেমাজিৰ চিমেন চাপৰিস্থিত নিজা চৌহদত অনুষ্ঠিত সোমবাৰে এক কৰ্মাশালা অনুষ্ঠিত কৰা হয় ৷ কৰ্মশালাৰ পূৰ্বে অনুষ্ঠিত সভাত উপস্থিত থাকে শিক্ষামন্ত্ৰী ৰনোজ পেগু, সাংসদ প্ৰদান বৰুৱা,বিধায়ক ভুৱন পেগু, অসম কৃষি বিশ্ব বিদ্যালয়ৰ উপাচাৰ্য বিদ্যুৎ চন্দন ডেকা , জিলা আয়ুক্ত অংকুৰ ভৰালী , ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান ৰ অধীক্ষক বিজ্ঞানী লোহিত বৈশ্য কে ধৰি বহু সংখ্যক কৃষি বিজ্ঞানী ৷ ইয়াৰ পিছতে মূল কৰ্মশালা আৰম্ভ হয় ৷
এই কৰ্মশালাৰ জৰিয়তে জিলাখনৰ কৃষক সকলক কৌশল গত ভাৱে সাজু কৰি তোলা তথা কৃষি আৰু আনুষঙ্গিক ক্ষেত্ৰখনত উন্নয়নয়ত যাতে আৰু এঢাপ আগুৱাই যাৱ পাৰে তাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ৷ যাৰ জৰিয়তে আগন্তক দিনত ধেমাজি জিলাৰ কৃষক সকলে কৃষি, মীন ,ৰেচম আৰু উদ্যান শস্যৰ ওপৰত এদিনিয়া কৰ্মশালাখন অনুষ্ঠিত কৰা বুলি জানিব দিয়ে কৃষি বিজ্ঞান কেন্দ্ৰ ধেমাজিৰ মুখ্য বিজ্ঞানী ড° গুঞ্জন গগৈয়ে ৷
ইউটিউবত ভিডিঅ চাবলৈ ক্লিক কৰক তলৰ লিংকত..